info@sonowalkacharisahityasabha.in
সোনোৱাল কছাৰী সাহিত্য সভা
📞 +91 9854753226

সোনোৱাল কছাৰী সাহিত্য সভা

SONOWAL KACHARI SAHITYA SABHA

— Established 2017 —

Welcome to

সোনোৱাল কছাৰী সাহিত্য সভা

Preserving Language • Literature • Culture
Founding President

শ্ৰীযুত গুণেশ্বৰ সোনোৱাল

প্ৰতিষ্ঠাপক সভাপতি, সোনোৱাল কছাৰী সাহিত্য সভা

প্ৰতিষ্ঠাপক সভাপতিৰ বাৰ্তা

সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যই একোটা জনগোষ্ঠীৰ জীৱনীশক্তি। সোনোৱাল কছাৰী জনগোষ্ঠীৰ নিজস্ব ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যই বৃহত্তৰ অসমীয়া জাতিসত্তাৰ মাজত এই জনগোষ্ঠীক এক স্বকীয় মৰ্যাদা আৰু বলিষ্ঠ পৰিচয় প্ৰদান কৰিছে। অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত সোনোৱাল কছাৰী সমাজৰ বহু প্ৰতিভাশালী কবি, সাহিত্যিক, গৱেষক আৰু লেখকে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

President

শ্ৰীযুত মোহন সোনোৱাল

সভাপতি, সোনোৱাল কছাৰী সাহিত্য সভা

সভাপতিৰ বাৰ্তা

সাহিত্য জাতিৰ দাপোন স্বৰূপ। কাৰণ সাহিত্যৰ দাপোনত এটা জাতিৰ গৌৰৱ, যশস্যা, স্বাভিমান, ইতিহাস, সমাজ-সংস্কৃতি ভাষা সাহিত্যৰ সমলসমূহ প্রতিফলিত হয়। অসমৰ ভূমিপুত্ৰ সোনোৱাল কছাৰীসকলৰ সাহিত্য সংস্কৃতিৰ সমল আৰু ইতিহাস মেটমৰা সম্ভাৰেৰে সমৃদ্ধ। কিন্তু সংৰক্ষণ, সংবর্ধন আৰু চর্চ্চাৰ অভাৱত সেই মেটমৰা সম্ভাৰসমূহ থাকিও নথকাৰ দৰে হৈছে। সকলো অতীতৰ গৰ্ভত হেৰাই যোৱাৰ উপক্রম হৈছে। সোনোৱাল কছাৰী জাতিৰ সাহিত্যৰ দাপোনত যাতে এই হেৰাই যাবলৈ ধৰা সমলসমূহক উদ্ধাৰ কৰি প্ৰতিফলিত কৰিব পৰা হয়-সেই উদ্দেশ্যৰেই সোনোৱাল কছাৰী সাহিত্য সভাৰ জন্ম। অসম সাহিত্য সভা গঠনৰ এশ বছৰৰ পাছত পলমকৈ হ'লেও গঠিত সোনোৱাল কছাৰী সাহিত্য সভাই সোনোৱাল কছাৰী সমাজত সামাজিক- সাংস্কৃতিক, বৌদ্ধিক দিশত এক ইতিবাচক কৰ্মৰ যোগেদি স্ব জনগোষ্ঠীৰ উত্তৰণৰ হকে কাম কৰাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

General Secretary

শ্ৰীযুত মৃদুল সোনোৱাল

মুখ্য সম্পাদক, সোনোৱাল কছাৰী সাহিত্য সভা

মুখ্য সম্পাদকৰ বাৰ্তা

জয় জয়তে সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বার্ষিক প্রতিষ্ঠা দিৱসৰ শুভক্ষণৰ (১৩ মে') এই পবিত্র দিনটোত সোনোৱাল কছাৰীৰ সমূহ সাহিত্যপ্রেমী শ্ৰদ্ধাৰ ব্যক্তিলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ এশ বছৰৰ পিছত যিসকল পুৰোধা ব্যক্তিৰ ঐকান্তিক প্রচেষ্টা, নিষ্ঠা আৰু দূৰদৰ্শিতাৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠা সম্ভৱ হৈছিল, সেইসকল মহান ব্যক্তিলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ মহান অৱদান আৰু ত্যাগ সদায় আমাৰ বাবে প্ৰেৰণা আৰু দিশ-নির্দেশক হৈ থাকিব। লগতে, সভাৰ প্রতিষ্ঠাকালৰ সৈতে জড়িত যিসকল শ্ৰদ্ধাৰ পুৰোধা ব্যক্তি আজি আমাৰ মাজত নাই, তেওঁলোকৰ স্মৃতিত গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অৱদান চিৰদিনে আমাৰ অন্তৰত অম্লান হৈ ৰ'ব।