🎯 Vision & Mission

সোনোৱাল কছাৰী সাহিত্য সভা

🌿

উদ্দেশ্য (Vision)

সোনোৱাল কছাৰী জনগোষ্ঠীৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাঙ্গীণ বিকাশ সাধন কৰাই সোনোৱাল কছাৰী সাহিত্য সভাৰ মূল উদ্দেশ্য। এই উদ্দেশ্যে তলত দিয়া মতে কাৰ্য কৰিবলৈ সভা যত্নপৰ হ'ব:

  • ইতিহাস অনুসন্ধান আৰু বুৰঞ্জী প্ৰণয়নৰ বাবে গৱেষণা কৰা।
  • অধুনালুপ্ত ভাষাৰ সন্ধান, গৱেষণা আৰু সংৰক্ষণ।
  • প্ৰাচীন সাহিত্য, লোকসংস্কৃতি সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ।
  • সংগীত, চিত্ৰকলা, ভাস্কৰ্য, পুৰাতত্ত্ব আদি ক্ষেত্ৰৰ উন্নয়ন।
  • লেখক-লেখিকাসকলক উৎসাহিত কৰা আৰু উৎকৃষ্ট গ্ৰন্থ প্ৰকাশ।
  • বিশিষ্ট সাহিত্যক অন্যান্য ভাষালৈ অনুবাদ কৰা।
  • সমাজলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ জীৱনপঞ্জী প্ৰস্তুত কৰা।
  • উৎকৃষ্ট গ্ৰন্থ আৰু লেখক-লেখিকাক বঁটা প্ৰদান কৰা।
  • যুৱ লেখক-লেখিকাৰ মাজত সাহিত্য প্ৰতিযোগিতা আয়োজন কৰা।
  • সভাৰ মুখপত্ৰ আৰু অন্যান্য প্ৰকাশনা প্ৰকাশ কৰা।
  • গৱেষণা বিভাগ স্থাপন কৰা।
  • সাহিত্য-সংস্কৃতি বিনিময় আঁচনি কাৰ্যকৰী কৰা।
  • অসমৰ বিভিন্ন সাহিত্য সভাৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা।
  • অসমৰ শান্তি, সম্প্ৰীতি আৰু সাংবিধানিক মূল্যবোধ ৰক্ষা কৰা।
  • ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰা।
🚩

কাৰ্যক্ষেত্ৰ (Mission)

সোনোৱাল কছাৰী সাহিত্য সভাৰ কাৰ্যক্ষেত্ৰ প্ৰধানকৈ অসম। অৰুণাচল প্ৰদেশত বসবাস কৰা সোনোৱাল কছাৰীসকলকো সভাৰ অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰয়োজন অনুসৰি ভাৰতৰ অন্যান্য ৰাজ্য বা বিদেশতো শাখা গঠন কৰিব পাৰিব।

  • সোনোৱাল কছাৰী সংস্কৃতি, ঐতিহ্য আৰু অসমৰ জাতীয় অস্তিত্ব সংৰক্ষণ।
  • ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ।
  • অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত সাংস্কৃতিক সম্প্ৰীতি স্থাপন।
  • সভা সম্পূৰ্ণৰূপে দলগত ৰাজনীতিৰ উৰ্ধত থাকিব।
  • সাম্প্ৰদায়িক সম্প্ৰীতি, সাহিত্যচৰ্চা আৰু সামাজিক ঐক্য সুদৃঢ় কৰা।
  • সভাৰ সকলো পদাধিকাৰীয়ে সাহিত্যিক মূল্যবোধ অনুসৰণ কৰিব।